আল-মুখতাচাৰ
وَقُل رَّبِّ أَدْخِلْنِى مُدْخَلَ صِدْقٍ وَأَخْرِجْنِى مُخْرَجَ صِدْقٍ وَٱجْعَل لِّى مِن لَّدُنكَ سُلْطَـٰنًا نَّصِيرًا ﴿٨٠﴾
হে ৰাছুল! আপুনি এই বুলি দুআ কৰক, হে মোৰ প্ৰতিপালক! মোৰ প্ৰৱেশ আৰু মোৰ প্ৰস্থান সকলোবোৰ যাতে তোমাৰ আনুগত্য আৰু তোমাৰ সন্তুষ্টি প্ৰাপ্তিৰ বাবে হয়। আৰু তোমাৰ ফালৰ পৰা মোক এনেকুৱা স্পষ্ট প্ৰমাণ প্ৰদান কৰা, যিটোৱে মোক মোৰ শত্ৰুৰ বিৰুদ্ধে সহায় কৰিব।